07/04/2019 - 13:25
in
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰত বহুদিন ধৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত কেইবাজনৰো লোকৰ মৃত্যু হোৱা ঘটনা মাৰ নৌযাওতেই পুনৰ এক ভয়াৱহ ঘটনাৰ সন্মুখীন মহাৰাষ্ট্ৰবাসী। প্ৰায় কেইবাদিন ধৰি দিয়া প্ৰৱল বৰষুণৰ ফলত মহাৰাষ্ট্ৰস্থিত ৰত্নগিৰী বান্ধটো ভাঙি যায়। যাৰ ফলত বৰ্তমানলৈ ১৪ জনৰো অধিক লোকৰ মৃত্যু হয়।
আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা চিপলুনত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকীৰ মৃতদেহটো বান্ধটোৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত উদ্ধাৰ হয়। বৰ্তমানলৈ এই ঘটনাত কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে। বুধবাৰে ৰাতি ৰত্নগিৰী বান্ধটো হঠাৎ ভাঙি যোৱাৰ ফলত বান্ধটোৰ ওচৰে পাজৰে থকা ৭ খন গাঁও বানত বুৰ যায়। এই সন্দৰ্ভত এচআইটিয়ে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে।