07/04/2019 - 13:47
in
মৰিগাঁওঃ মৰিগাঁৱৰ লাহৰীঘাটত তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি। ঘটনাৰ বিৱৰণী মতে, মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত মহামাৰী পথাৰৰ শ্ৰী নৰেশ্বৰ ডেকাৰ সাত বছৰীয়া পুত্ৰ প্ৰৱন ডেকাই কালি বিয়লি হাঁহ চৰাই আনিবলৈ গৈ বহু সময় ঘৰলৈ ঘূৰি নহাৰ বাবে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপালে।
নিখোজ হৈ থকা প্ৰৱন ডেকাৰ মৃতদেহটো পুৱা এজন ব্যক্তিয়ে দ-পানীত ওপঙি থকা দেখি খবৰ দিয়ে পৰিয়ালৰ লোকক। পৰিয়ালৰ লোক গৈ চিনাক্ত কৰে প্ৰৱন ডেকাৰ মৃতদেহটো। পৰিয়ালৰ লোকৰ অভিযোগ যে মথাউৰী নিৰ্মাণৰ ঠিকাদাৰে অবৈধ ভাবে জেচিবিৰে দ-গাঁত খন্দাৰ কাৰণে এনেকুৱা ঘটনা ঘটিবলৈ পালে৷ ইফালে আঠ বছৰীয়া প্ৰৱন ডেকাৰ অকাল বিয়োগত মহমাৰী পথাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। মহমাৰী নৱযোগ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল দূৰ্ভগীয়া প্ৰৱন ডেকা।