বেবেজীয়াঃ নগাঁও জিলাৰ দিঘলীপৰীয়া সাংস্কৃতিক মঞ্চৰ উদ্যোগত হাতীচোং মৌজাৰ কাকমাৰী চাৰিআলিত বুধবাৰপৰা উদুলি-মুদুলি পৰিৱেশত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসমভিত্তিক এক শিশু সমাৰোহ আৰম্ভ হৈছে। এই উপলক্ষে বুধবাৰে পুৱা অঞ্চলটোৰ ১০ গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে- বিপুল ৰাজকুমাৰ, মাণিক চন্দ্ৰ ডেকা, থগিত চন্দ্ৰ বৰুৱা, ৰবীন মেধি, খৰ্গেশ্বৰী বৰা, দীগেন বৰা, মহীন্দ্ৰ মহন্ত, কনক ডেকা, টংকেশ্বৰ লাহন, সোমেন মেধি আদিয়ে ১০ খন পতাকা উত্তোলনেৰে সমাৰোহখনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
তাৰ পিছতে অঞ্চলটোৰ মাজেৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দিঘলীপৰীয়া সাংস্কৃতিক মঞ্চৰ সভাপতি বিপুল ৰাজকুমাৰে উদ্বোধন কৰা শোভাযাত্ৰাটিত শংকৰী কলা-সংস্কৃতি, বিহু, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ উপস্থাপনেৰে জীপাল কৰি তোলে কাকমাৰী অঞ্চলৰ ৰাজপথ।
১১ বজাত জনপ্ৰিয় কুইজমাষ্টাৰ অমিয় কুমাৰ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিত নৱপল্লৱ নাথ আৰু অবিনাশ কৌশিক নাথৰ দলে প্ৰথম স্থান লাভ কৰাৰ লগতে মৌচুম বৰা আৰু কৃষ্ণমণি বৰাৰ দলে দ্বিতীয় স্থান পায়। বিয়লি ১ বজাত ৬০জনৰাে অধিক শিশুৰ যোগদানেৰে অনুষ্ঠিত কবিতা আবৃত্তি প্ৰতিযোগিতা মুকলি কৰে কৃতী শিক্ষক মনোজ বৰাই। কবিতা আবৃত্তি প্ৰতিযোগিতাত সমল ব্যক্তিৰূপে উপস্থিত থাকে নৰেন ডেকা। ইয়াৰ পিছতেই 'গছৰ পাত চিনাক্তকৰণ আৰু বানান লিখা' শীৰ্ষক ব্যতিক্ৰমী প্ৰতিযোগিতাই উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।
সন্ধ্যা প্ৰথম পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা হোৱাৰ পিছতে নিশা শিশু একাংকিকা নাট প্ৰতিযোগিতাও অনুষ্ঠিত হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছে 'সুগন্ধি পখিলা'ৰ কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতিচাৰণ অনুষ্ঠান, বিজ্ঞান মডেল প্ৰদৰ্শনী প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, দ্বিতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা আৰু শিশু একাংকিকা নাট প্ৰতিযোগিতা আদি। আনহাতে ৫ জুলাইৰ অন্তিম দিনত কাৰ্যসূচীসমূহৰ ভিতৰত আছে 'বনফুল'ৰ কবি যতীন্দ্ৰনাথ দুৱৰা, সাহিত্যিক তফজ্জুল আলী, সাহিত্যিক তথা বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ স্মৃতিচাৰণ অনুষ্ঠান, চিত্ৰাংকন প্ৰতিযোগিতা, মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান আদি হ’ব বুলি আয়োজক সমিতিৰ সম্পাদক ৰাজু বৰাই জনাইছে।