এজাক মানুহে জাললৈ মাছ মাৰিবলৈ নামিছে পানীতঃ কিয় আৰু ক’ত?

 07/04/2019 - 15:10

মৰিগাঁওঃ মাছ মাৰিবলৈ পানীত নামিছে এজাক মানুহ৷ আপোনালোকে নাভাবিব পথাৰ, নতুবা পুখুৰীত মাছ ধৰিবলৈ এনেদৰে জাক পাতি পানীত নামিছে বুলি। এই দৃশ্য লাহৰীঘাট আৰু মৰিগাঁৱৰ একমাত্ৰ মূল সংযোগী গড়কাপ্তানী পথটোৰ বৰবড়ী চাৰিআলিৰ। আজি এনেদৰে পুৱাতে জাল লৈ পথৰ ওপৰতে একাঁঠু পৰ্য্যন্ত পানীত মাছ মাৰি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰবড়ীত গড়কাপ্তানী পথৰ বিৰুদ্ধে স্থানীয় ৰাইজে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে লাহৰীঘাটৰ বৰবড়ীত এনেদৰে বছৰৰ কেইটা মাহতে বৰষুণৰ পানী জমা হৈ অচলা অৱস্থাৰ সৃষ্টি কৰি আহিছে। পথটো এক বৃহৎ পুখুৰী সদৃশ হৈ পৰিছে। এই পথটোৰ এনে দূৰৱস্থাৰ বাবে দূৰ্ভোগ ভূগিব লগা হৈছে ৰাইজে। পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰ আজি নিমাত। বিভাগীয় কৰ্তৃপক্ষয়ো দিয়া নাই কোনো গুৰুত্ব। ফলত পথচোৱাৰ মেৰামতিৰ দাবীত আজি স্থানীয় ৰাইজে এনেদৰে মৌন প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।