গুৱাহাটী বিমানবন্দৰৰ পৰা হজযাত্ৰীৰ ১৫০ জনীয়া প্ৰথমটো দল মদিনা অভিমুখে ৰাওনা

 07/04/2019 - 18:29

ডিজিটেল ডেস্কঃ আজি অসমৰ হজযাত্ৰীৰ প্ৰথমটো দল গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে চৌদি আৰৱৰ মদিনাত অৱতৰণ কৰিব। কালি গুৱাহাটীৰ হাজী মুচাফিৰখানাত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা হাজীসকলক বিদায় আৰু সম্বৰ্ধনা জনোৱাৰ পিছত আজি গুৱাহাটী বিমানবন্দৰৰ পৰা হজযাত্ৰীৰ ১৫০ জনীয়া প্ৰথমটো দল এইদৰে মদিনা অভিমুখে ৰাওনা হয়।

এই দলটোৱে মদিনাত ৮ দিন থকাৰ পিছত তাৰ পৰা মক্কালৈ ৰাওনা হ’ব। ইছলামৰ পাঁচটা স্তম্ভৰ অন্যতম হজ সমাপনৰ বাবে মক্কালৈ ৰাওনা হোৱা অসমৰ হজযাত্ৰী সকলক মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।