07/04/2019 - 19:26
in
টিহুঃ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ অন্যতম চিকিৎসা প্ৰতিষ্ঠান গেট হস্পিতালৰ উদ্যােগত বান বিধ্বস্ত অঞ্চল নলবাৰীৰ টিহুত আজি বান সাহায্য অভিযানৰ লগতে বিনামূলীয়া স্বাস্থ্য শিৱিৰ আয়ােজন কৰা হয়। টিহুৰ ভূপা, উত্তৰ বালি মেহজান চুবুৰী, ভাতুৱা থানত বানপীড়িত ৰােগীসকলৰ মাজত বিশুদ্ধ খােৱা পানী, বিস্কুট, ফল-মূল, ঔষধ আদি বিতৰণ কৰে।
এই চিকিৎসা শিৱিৰত সহযােগ কৰে ডাঃ পংকজ বৈশ্য, ডাঃ যুৱৰাজ ভূঞা, ধাত্ৰী নিলােফাৰ, কামেই, ৰিনজিন, কৰ্মচাৰী আব্দুল মােমিন, তিলক মহন্ত, বাবুল দাস, বিতাে দাসে। উক্ত শিৱিৰত তিনি শতাধিক ৰােগীক চিকিৎসা সেৱা আগবঢ়ায়।
গেট হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ দেৱব্ৰত পাঠক, মুখ্য কাৰ্যবাহী বিষয়া মিণ্টু ৰঞ্জন দাসৰ এই চিকিৎসা সেৱাক টিহু অঞ্চলৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।