07/05/2019 - 12:27
in
ঢকুৱাখনাঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ ফোঁপোলা স্বৰূপৰ কথা কিমান দেখুৱাম আৰু কৈ থাকিলেও শেষ নহয় বিদ্যুৎ বিভাগৰ বেমেজালিৰ কথা। এইবাৰ ঢকুৱাখনা ঘিলামৰা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ আখৈফুটীয়া গাঁৱত মৰণফাণ্ডত পৰিণত হৈছে বিদ্যুৎ সংযোগী তাঁৰ। আখৈফুটীয়া এলপি স্কুলৰ সন্মুখত আজি তিনিদিন ধৰি এজোপা ভলুকা বাঁহে আৱৰি আছে ।
যিকোনো মুহূৰ্ততে ঘটিব পাৰে দুৰ্ঘটনা, যিহেতু তাৰ তলেদি দৈনিক যাতায়ত কৰে বহু লোকে ওচৰতে থকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও। এতিয়া ৰাইজে বহু বাৰ বিদ্যুৎ বিভাগৰ কৰ্মীক ফোন কৰিছে যদিও তেওঁলোকে যাম যাম বুলি হেমাহি কৰি আজিলৈকে উপস্থিত হোৱা নাই ঘিলামৰা বিদ্যুৎ বিভাগৰ কোনো লোক। সেয়ে এতিয়া বিদ্যুৎ বিভাগক গাঁওবাসীৰ অনুৰোধ অতি শীঘ্ৰে যাতে মেৰামতি কৰি সম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰেহি যেন।