কোকৰাঝাৰঃ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমামূৰীয়া বৰুৱাপাৰা গাঁৱত প্ৰাচীন হিন্দু মন্দিৰ এটাক সুদীৰ্ঘ বছৰধৰি মুছলমান গাঁৱৰ ৰাইজে ৰক্ষণাবেক্ষণ দি এইখন শংকৰ আজান দেশত সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এক মহান চানেকি দাঙি ধৰিছে৷ উল্লেখ্য যে, বিগত দিনবোৰত তিনিটাকৈ কালাত্মক গোষ্ঠী সংঘৰ্ষই জোঁকাৰি নিয়া বিটিএডিৰ অধীনস্থ কোকৰাঝাৰ জিলাৰ অখ্যাত বৰুৱাপাৰা নামাপাৰা গাঁৱত ভাতৃত্ববোধৰ চানেকিৰ নিদৰ্শন দাঙি ধৰা প্ৰাচীন কালীমন্দিৰটোৰ আজি বাউণ্ডাৰী দেৱাল নিৰ্মাণৰ বাবে আগবাঢ়ি আহে কোকৰাঝাৰ চহৰৰ উদীয়মান যুৱক তথা যুৱ সমাজকৰ্মী অৰূপ কুমাৰ দে’ই৷
আজি পুৰণি কালী মন্দিৰটোৰ বাউণ্ডাৰী দেৱালৰ আধাৰশিলা স্থাপন কৰাত যুৱ সমাজকৰ্মী অৰূপ কুমাৰ দে'ক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ হিন্দু আৰু মুছলমান লোকসকলে৷ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ সময়ত যুৱ সমাজকৰ্মী অৰূপ কুমাৰ দে'ক সংগ দিয়ে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)ৰজীৰানী শৰ্মা, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিবেশ বৰ্মন, ভূটীয়াপাৰাৰ গাঁৱৰ গাঁওবুঢ়া, অঞ্চলটোৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে৷ লক্ষ্যণীয় যে, প্ৰাচীন কালী মন্দিৰটোৰ নামত তাহানিৰ সময়ছোৱাতে সাতামপুৰুষীয়া ভাতৃত্ববোধৰ চানেকি দাঙি ধৰি নায়েজ্জুদ্দিন শ্বেখে দুই বিঘা ভূমি দান কৰি নজিৰ সৃষ্টি কৰাই নহয় শেহতীয়াকৈও সমাজত জাত পাতৰ ৰাজনীতি কৰি বিভেদ সৃষ্টি কৰাৰ সময়ছোৱাতো মন্দিৰটোয়ে আজিও অটুট ৰাখিছে হিন্দু আৰু মুছলমানৰ ভাতৃত্ববোধৰ চানেকি৷