07/05/2019 - 15:24
in
ডিজিটেল ডেস্কঃ উচ্চ ৰক্তচাপত ভুগি থকাসকলৰ বাবে সু-খবৰ। নিয়মীয়াকৈ ৰঙা চাহ খালে নিয়ন্ত্ৰণ কৰিব পৰা যায় উচ্চ ৰক্তচাপ। অষ্ট্ৰেলিয়া আৰু ইউক্ৰেইনৰ এজন চিকিৎসা বিজ্ঞানীয়ে যুটীয়াভাৱে শেহতীয়াকৈ চলােৱা এক অধ্যয়নত এই কথা পােহৰলৈ আহিছে।
এই দলটােৰ মতে নিয়মীয়াকৈ ৰঙা চাহ পান কৰিলে উচ্চ ৰক্তচাপ কিছু পৰিমাণে হ’লেও কমি যায়। দৈনন্দিন ব্যস্ত কাম-কাজৰ মাজত একােকাপ ৰঙা চাহ খাব পাৰিলে সতেজ অনুভৱ কৰাৰ লগতে ৰক্তচাপৰ সমস্যা অলপ হ’লেও কমাৰ সম্ভাৱনা থাকে।