07/05/2019 - 15:37
in
ৰূপহীহাটঃ অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে ৰূপহীহাটৰ বিভিন্ন অঞ্চল। একাংশ অসাধু ব্যৱসায়ীয়ে ৰূপহীহাটৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চলাই আহিছে অবৈধ চুলাই, মদ, ভাং আদিৰ ৰমৰমীয়া বেহা।
শুক্ৰবাৰে ৰূপহীহাটৰ গড়াজানত একাংশ সচেতন যুৱকে অবৈধ চুলাই কঢ়িওৱা এজন অসাধু ব্যৱসায়ীৰপৰা চুলাই মদসহ, চুলাই মদ কঢ়িওৱা AS 01 AW 2754 নম্বৰৰ স্কুটিখন জব্দ কৰি গড়াজান আৰক্ষীক খৱৰ দিয়ে।
কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই অসাধু ব্যৱসায়ীজনে পলায়ন কৰে। উল্লেখযোগ্য যে বিনয় নামৰ এই ব্যৱসায়ীজনে দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ গড়াজানত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।