নগৰবেৰাঃ এফালে ৰাইজক সুগম যাতায়ত উপহাৰ দিবলৈ চৰকাৰী তৎপৰতা। সমান্তৰালকৈ একাংশ বিভাগীয় ঠিকাদাৰৰ মইমতালি। নিম্নমানৰ পথ নিৰ্মান কৰি ৰোষত পৰিল ঠিকাদাৰ। বিভাগীয় একাংশৰ আশীষধন্য হৈ পালমৰা বিধৰ পথ নিৰ্মাণ কৰা ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ| বৰপেটাৰ আলোপতিত সাৱ্যস্ত হ’ল ঠিকাদাৰ-গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। এফালে ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰীৰ কৰ্মতৎপৰতা, উন্নত প্ৰযুক্তি আৰু নিখুঁত নিৰ্মাণেৰে ৰাইজক নিৰাপদ পথ উপহাৰ দিয়াৰ বাবে যৎপৰোনাস্তি কৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে।
সমান্তৰালকৈ আকৌ একাংশ খামিডাঠ ঠিকাদাৰৰ মনমৰ্জি পথ নিৰ্মানৰ দম্ভালি। শুক্ৰবাৰৰ দুপৰীয়া একাংশ ৰাইজে হাতেৰে এৰুৱাইছে নৱনিৰ্মিত পকী পথ। ৰাইজৰ অভিযোগ অনুসৰি পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত হেনো ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈছে ঠিকাদাৰ মৃণাল জ্যোতি দাসে! পকী পথ হাতেৰে এৰুৱাই ৰাইজ ক্ষান্ত নহৈ প্ৰতিবাদো সাব্যস্ত কৰিছে ৰাজপথৰ ওপৰতে| “ঠিকাদাৰ মৃণাল জ্যোতি দাস মুৰ্দাবাদ, অসম চৰকাৰ হায়!হায়! ঠিকাদাৰৰ ময়মতালি নচলিব আদি শ্ল’গানেৰে সাৱ্যস্ত হ’ল উত্তাল প্ৰতিবাদ। স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ মুঠ ৮০৯.০৪০ লাখ টকা ব্যয়েৰে চলি আছে এই নিৰ্মান কাৰ্য। পিছে অধিক লাভৰ আশাত মনমৰ্জি পালমৰা বিধৰ নিৰ্মাণ কাৰ্য চলাইছে ঠিকাদাৰ মৃণাল জ্যোতি দাসে।