গোসাইগাঁওঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ(আমছু)ৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আজি ছেৰফানগুৰী এম ই মাদ্ৰাছাত ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰীষ্মকালীন পাঠদান সেৱা শুভাৰম্ভ কৰা হয়। এমাহ জোৰা এই গ্ৰীষ্মকালীন পাঠদানত নৱম আৰু দশম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান দিয়া হ'ব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে সমগ্ৰ অসম জুৰি বিশেষকৈ সংখ্যালঘু অঞ্চলসমূহত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই গ্ৰীষ্মকালীন পাঠদান সেৱা আৰম্ভ কৰা হয়। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস ছাত্ৰ-ছাত্ৰীসকল, অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, ব্যতিক্ৰমী শিক্ষাৰ্থীসকলেও এই পাঠদান সেৱা লাভ কৰিব পাৰিব বুলি আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰফিকুল ইছলামে প্ৰকাশ কৰে। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলাম, জিলা সভাপতি মাফুজ হুছেইন, শিক্ষাখণ্ডৰ বিভাগীয় কৰ্তৃপক্ষ শ্ৰীযুত অমৰ সিং বৰ্ম, গোসাইগাওঁ আঞ্চলিক আমছুৰ সভাপতি আয়নাল হক,শিক্ষা সম্পাদক ছাফিন আল জাবেৰ,আলতাফ হুছেইন, সাধাৰণ সম্পাদক আব্দুৰ ৰহিম সেখ, অমৰ ফাৰুক আদি কৰি ভালে সংখ্যক আমছুৰ সদস্য বৃন্দসকল।