কাকপথাৰঃ নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষণ কৰাৰ লগতে শাৰীৰিক, মানসিকভাবে সুস্থ ৰখাৰ উদ্দেশ্যেৰে বদৌচা স্পৰ্টছ ক্লাৱে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ফুটবল প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব লগীয়া ফুটবল শিবিৰৰ আজি শুভাৰম্ভ কৰা হয় কাকপথাৰৰ টঙনাত৷
বদৌচা স্পৰ্টছ ক্লাৱৰ উদ্যোগত আৰু টঙনা শাখা মৰাণ ছাত্ৰ সন্থা আৰু টঙনা এফ চিৰ যুটীয়া সহযোগত আৰম্ভ হোৱা শিবিৰটোত উপস্থিত থাকে অসম ফুটবল সংস্থাৰ উপ সভাপতি অৰুণজ্যোতি মৰাণ৷ জিলাখনৰ সৰ্বমুঠ ৪০টাকৈ স্থানত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰসমূহত ফুটবলৰ লগতে হেণ্ডবল, ভলীবল, হকী আৰু এথলেটিকছ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উপ সভাপতিগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে উঠি অহা প্ৰজন্মক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
আজি উদ্ধোধনী অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ, টঙনা চাহ বাগিচাৰ পৰিচালকৰ লগতে বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷