নগাঁওঃ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি প্ৰকাশ হোৱাৰ পাছতেই আজি দুৰ্ভগীয়া কণমানি পল্লবীৰ গৃহত উপস্থিত হয় বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু নগাঁও জিলাৰ উপাযুক্ত যাদৱ শইকীয়া। বটদ্ৰৱা বিধান সভা সমষ্টিৰ আইভেটি পঞ্চায়তৰ অন্তৰ্গত ৰাইডঙীয়া কৰচোং সত্ৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত উপস্থিত হৈ অসুস্থ মাতৃ পুটুলী বৰা আৰু পল্লবী বৰাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে পৰিয়ালটোৱে ভুগি থকা বিভিন্ন অভাৱ অভিযোগ, সমস্যাৰাজিৰ বুজ লয়।
বিধায়িকাগৰাকীয়ে পল্লবী আৰু ৰুগীয়া মাতৃয়ে এবছৰ ধৰি বিছনাৰ অভাৱত মাটিতে শুই থকাৰ বাবে এখন বিছনা, ঘৰৰ বাচন বৰ্তন, পল্লৱী আৰু মাতৃৰ পিন্ধাৰ বাবে ফ্ৰক, চাদৰ মেখেলা লগতে বিভিন্ন আচবাব প্ৰদান কৰে। নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াৰ সহযোগত বিভিন্ন চৰকাৰী আঁচনিৰে পৰিয়ালটোক উপকৃত কৰাৰ ব্যৱস্থা কৰে।
পুতুলি বৰাক দীনদয়াল উপাধ্যায় দিব্যাংগ আঁচনিৰ অন্তৰ্গত সমূহ সুবিধা প্ৰদানৰ লগতে বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰা হয়৷ মাতৃ-কন্যা দুয়োগৰাকীক অটল অমৃত আঁচনিৰ সুবিধাসমূহ প্ৰদান কৰাৰ লগতে স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰা হয়৷ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এক কালীন আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হয়।
আনহাতে দীৰ্ঘদিন ধৰি বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱৰা বাবে বিদ্যুৎ কৰ্তন কৰা পল্লবীৰ গৃহত আজিৰ পৰাই বিদ্যুৎ যোগান অব্যাহত ৰাখিবৰ বাবে বিদ্যুৎ বিল বিধায়িকাগৰাকীয়ে পৰিশোধ কৰে। অপৰিস্কাৰ পানী সেৱন কৰা বাবে বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা পল্লবীৰ গৃহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা এটি টিউবেলৰ ব্যৱস্থা কৰায়।
কৈশোৰ অৱস্থাতেই দৰিদ্ৰতাৰ বোকোচাত উঠি শিক্ষা জীৱন ত্যাগ কৰি ঘৰৰ সমস্ত দ্বায়িত্ব মূৰ পাতি লোৱা পল্লবীৰ পঢ়া-শুনাৰ বাবে টেবুল চকী, কিতাপ পত্ৰ, শিক্ষাৰ বিভিন্ন সা-সজুলি প্ৰদান আৰু পুনৰ বিদ্যালয়লৈ যোৱাৰ বাবে নামভৰ্তিৰ সকলো দায়িত্ব বিধায়িকা আঙুৰলতা ডেকাই লয়।
সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছত বিধায়িকা আঙুৰলতা ডেকাই লোৱা তৎপৰতাৰ বাবে কণমানি পল্লবী আৰু অন্ধ মাতৃ পুটুলী বৰাৰ মুখত এমোকোৰা হাঁহিৰে উজ্বলি উঠিছে। আনহাতে বিধায়িকাগৰাকীয়ে বাতৰি পৰিবেশনৰ যোগেদি দুৰ্ভগীয়া পৰিয়ালটোৰ কৰুণ গাথা উপস্থাপন কৰি দৃষ্টিগোচৰ কৰাৰ বাবে সংবাদ মাধ্যমক কৃতজ্ঞতা জ্ঞাপন কৰে।