07/05/2019 - 21:13
in
মৰিগাঁওঃ স্বামী বিবেকানন্দ চেতনা মঞ্চ মৰিগাঁও জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন গাঁৱৰ শিশু কল্যাণ আৰু বিকাশৰ উদ্দেশ্যে মানিপুৰ বিষ্ণুৰাভা মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত "কৃষ্ণ গোকুলম" সংস্কাৰৰ কাৰ্যকৰ্তা শিৱিৰ আয়োজন কৰিছে। জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় শতাধিক মহিলা আৰু যুৱতীয়ে অংশগ্ৰহণ কৰে এই "কৃষ্ণ গোকুলম" অনুষ্ঠানত।
এই অনুষ্ঠানত মহিলা তথা যুৱতীসকলক শাৰীৰিক, মানসিক লগতে বিভিন্ন ধৰণৰ বৌদ্ধিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰা দেখা যায়। আনহাতে এই স্বামী বিবেকানন্দ চেতনা মঞ্চই মৰিগাঁৱত ইয়াৰ আগতে চাৰিশ যোৰা সামূহিক বিবাহ অনুষ্ঠানো আয়োজন কৰিছিল বুলি সমিতিৰ বিষয়-ববীয়া উৎপল নাথে সাংবাদিকক জানিবলৈ দিয়ে।