বৰপেটাত এনআৰচিৰ পৰা সন্তানৰ নাম কৰ্তন যোৱাৰ আশংকাত পিতৃৰ আত্মহত্যা

 07/05/2019 - 21:36

জনীয়াঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্তিপুৰত এনআৰচিৰ আতংকই প্ৰাণ ল’লে এজনৰ৷ এনআৰচিক লৈ শংকিত এজন লোকৰ চিপ লৈ আত্মহত্যা৷ মৃত লোকজন হ'ল মইজুদ্দিনৰ পুত্ৰ ৰহিম আলী (৩৭)৷ উল্লেখ্য যে এনআৰচিৰ অতিৰিক্ত খচৰাত অন্তৰ্ভুক্ত হৈছিল লোকজনৰ পাঁচটা সন্তানৰ নাম৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ পোৱা এনআৰচিৰ খচৰাত লোকজনৰ লগতে তেওঁৰ পত্নীৰ নামো অন্তৰ্ভুক্ত হৈছিল যদিও বাদ পৰিছিল দুগৰাকী পুত্ৰ আৰু তিনিগৰাকী কন্যাকে ধৰি পাঁচোটা সন্তানৰ নাম। সম্প্ৰতি নাম কৰ্তনক লৈ উদ্বিগ্ন হৈ পৰিছিল লোকজন৷

৬ জুলাইত কলগাছিয়াত শুনানী আছিল সন্তানকেইটাৰ৷ শুনানীৰ বাবে যাৱতীয় নথি পত্ৰ সংগ্ৰহকে ধৰি বিভিন্ন লোকৰ পৰা পৰামৰ্শ লৈছিল লোকজনে৷ বৃহস্পতিবাৰে নিশালৈকে এনআৰচিৰ বিভিন্ন নথি সংগ্ৰহৰ কামত ব্যস্ত আছিল পৰিয়ালটো৷ গুৱাহাটীত দিন হাজিৰা কৰা মৃত ৰহিমে কালি ঘৰত আহি ভিতৰতে চিপ লৈ আত্মহত্যা কৰে৷ এই ঘটনাক লৈ সমগ্ৰ সৰুক্ষেত্ৰী সমষ্টিৰ লগতে বৰপেটা জিলাত গভীৰ শোকৰ ছাঁ পৰিছে৷

ইতিমধ্যে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিত দাসৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ জোৱান উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে ঘটনা সন্দৰ্ভত আমছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক মনিৰুজ জামান আৰু আমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা  হাছিনা আহমেদে একমাত্ৰ চৰকাৰে এন আৰ চিৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাৰ বাবে এনেকোৱা আত্মহননৰ পথ বাছি ল’ব লগা হৈছে বুলি প্ৰতিক্ৰিয়া  প্ৰকাশ  কৰে। লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।