কৃষি বিভাগৰ আজৱ কাণ্ডঃ মাটি মাহৰ খেতি কৰি গুটি নাপালে, পালে কেৱল গছহে

 07/05/2019 - 21:58

নগাঁওঃ ৰাজ্য চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা বীজেৰে খেতি কৰি মাটি মাহৰ গুটি নহৈ কেৱল গছহে পোৱা ঘটনাই নগাঁও জিলাৰ জামুগুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খৱৰ মতে নগাঁও জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা বেবেজীয়া জামুগুৰিৰ ঘন নাথ, নন্দী নাথ ডিমৌ গাঁৱৰ দিগেন বৰাকে ধৰি কেইবাজনো কৃষকে মাটি মাহৰ বীজ আনিছিল।

কৃষি বিভাগৰ নগাঁৱৰ বিষয়া-কৰ্মচাৰীসকলে বীজখিনি দিয়াৰ সময়ত সেইবিধ উন্নত জাতৰ মাটি মাহৰ খেতি কৰিলে প্ৰতি বিঘাত ২০-২৫ মোন মাটি মাহ উৎপাদন হ’ব বুলি জনাইছিল। সেই আশাতে খেতিয়ককেইগৰাকীয়ে গাঠীৰ ধন খৰচ কৰি কেইবাবিঘা মাটিত ট্ৰেক্টৰেৰে হাল বাই, সাৰ প্ৰয়োগ কৰা বিভিন্ন খৰচ কৰি খেতি কৰে যদিও কৃষকসকলৰ আশাত চেঁচা পানী পৰে।

মাটি মাহৰ সলনি খেতিত কেৱল গুটি নথকা গছসমূহে দেখা গৈছে। দূৰৈৰ পৰা দেখাত গছে পাতে নদন বদন, ভাল খেতি হোৱা যেন লাগে যদিও কাষলৈ গ'লে সেই খেতিত গছৰ বাহিৰে মাটি মাহৰ গুটি দেখিবলৈ নাই। কৃষি বিভাগৰ নগাঁৱৰ কাৰ্যালয়ৰ পৰা বীজ কঢ়িয়াই অনাৰ পৰা আৰম্ভ কৰি হাল বোৱা, সাৰ দি যোগান ধৰা আদিৰ বাবে ধন খৰচ কৰি গুটি নালাগি কেৱল গছ হোৱা মাটি মাহৰ খেতিত খেতিয়কে সম্প্ৰতি উপায়হীন হৈ গৰু-ছাগলী মেলি দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।