দুৰ্নীতিগ্ৰস্ত এআইইউডিএফ নেতা বিজেপি দললৈ যোৱাৰ সম্ভাৱনা!

 07/06/2019 - 14:38

কলগাছিয়াঃ এজন সুবিধাবাদী নেতা। প্ৰথমে ইউএমএফ কৰি সংখ্যালঘূৰ দৰদী নেতা হিচাপে পৰিচিত এইজন মজিবৰ ৰহমান খান। লাহে লাহে ইউএমএফ ধ্বংস হোৱাৰ পিছত যোগদান কৰিলে এআইইউডিএফত। এআইইউডিএফ দলৰ পৰা ২০০৬ চনত বিধানসভাৰ সদস্য হোৱাৰ অলেখ সপোনেৰে জনীয়া বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও দুৰ্ভাগ্যবশতঃ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল এইজন স্বয়ম্ভূ নেতা মজিবৰ ৰহমান খানে। ২০১৪ চনত ৰাইজৰ দয়া আৰু সাহায্যত ১৪ নং কলগাছিয়া জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈ দখল কৰিলে বৰপেটা জিলা পৰিষদৰ সভাপতিৰ সন্মানীয় গাদীখন।

গাদী দখল কৰিয়েই মজিবৰ ৰহমান খানে ব্যাপক দুৰ্নীতি সংঘটিত কৰি কোটি কোটি টকাৰ অবৈধ সম্পত্তিৰ গৰাকী হোৱা বুলি অভিযোগ আনিছে একাংশ এআইইউডিএফ নেতা-কৰ্মীৰ লগতে R.T.I কৰ্মীয়ে। ইমানখিনিলৈকে ঠিক ঠাকেই আছিল। সভাপতিৰ কাৰ্যকাল শেষ হোৱাৰ পিছত এতিয়া তেওঁ আকৌ মন মেলিছে উপ-নিৰ্বাচনত জনীয়াৰ বিধায়ক হোৱাৰ। পিছে এআইইউডিএফ দলৰ পৰা নহয় এইবাৰ আকৌ বিজেপি দলৰ পৰাহে। যাৰ পৰিপ্ৰেক্ষিতত এআইইউডিএফ দল ত্যাগ কৰি অহা জুলাইৰ ১০ তাৰিখে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিকভাবে গেৰুৱা বসন পিন্ধাৰ কুচকাৱাজ অব্যাহত ৰাখিছে এইজন নেতাই। এতিয়া কথা হ’ল যে নিজৰ দুৰ্নীতিক গাপ দিয়াৰ কাৰণে বিজেপিলৈ যোৱা এনেকুৱা দল বাগৰা নেতাক বিজেপি দলৰ পৰা কেনেকৈ দিব পাৰে প্ৰাৰ্থীত্ব? সেয়া সময়তহে লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।