07/06/2019 - 15:51
in
ডিজিটেল ডেস্কঃ ৰাজ্যত বৰ্ধিত গঁড় হত্যাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত নিয়োগ কৰা হৈছে ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনী। গঁড় হত্যাৰ পৰিকল্পনাৰে কাজিৰঙাত সোমালে মুখামুখি হ'ব লাগিব অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ সৈতে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এতিয়া চোকা দৃষ্টি ৰাখিছে জোৱান সকলে।
১০ মাহ বঢ়মপুৰস্থিত নৱম এ পি বি এন ত কঠোৰ প্ৰশিক্ষণৰ পিছত এতিয়া কাজিৰঙাত নিয়োগ কৰা হৈছে ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোক। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫টা বনাঞ্চলত পিয়াপি দি ফুৰিছে দলটোৱে। হাতত এছ এল আৰ লৈ বুঢ়াপাহাৰ বনাঞ্চলৰ গভীৰ অৰণ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে এম্বুছ আৰম্ভ কৰিছে এই বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে৷ এই প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে ৰাইজে।