ৰাজ্যত নিৰ্মাণ কৰা হ’ব ৭খন নতুন কেন্সাৰ হাস্পতাল

 07/06/2019 - 17:04

ডিজিটেল ডেস্কঃ ৰাজ্যত কেইবাখনো জিলাত নিৰ্মাণ কৰা হ’ব নতুন কেন্সাৰ হাস্পতাল। আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে L&T ক নতুন কেন্সাৰ হাস্পতালকেইখনৰ নিৰ্মাণৰ দায়িত্ব দিছে। ৭৩৬ কােটি টকাৰে নিৰ্মাণ হ’ব নতুন কেন্সাৰ হাস্পতালকেইখন।

ডিব্ৰুগড়, তেজপুৰ, লখিমপুৰ, বৰপেটা, যােৰহাট, দৰঙত নিৰ্মাণ কৰিব কৰ্কট হাস্পতাল। তদুপৰি গুৱাহাটী কেন্সাৰ হাস্পতালখন উন্নত কৰা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে আগষ্ট মাহৰ প্ৰথম সপ্তাহত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে ভূমিপূজন কৰাৰ লগে লগে ৭ খন হাস্পতালৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।