নলবাৰীত খিলঞ্জীয়া মহিলাক ডি ভোটাৰৰ নামত হাৰাশাস্তি

 07/06/2019 - 18:44

নলবাৰীঃ এনআৰচিৰ নামত বাৰম্বাৰ হাৰাশাস্তি খিলঞ্জীয়াক। উল্লেখ্য যে ৰাজ্যখনৰ বঙাইগাঁৱত জন্মগ্ৰহণ কৰা ৰানু সমদ্দাৰ নামৰ মহিলাগৰাকীয়ে ১৫ বছৰ বয়সতে নলবাৰীৰ প্ৰয়াত শংকৰ সমদ্দাৰ নামৰ লোকগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বৰ্তমান পাঁচটি সন্তানৰ মাতৃ।

কিন্তু তাৰ সত্বেও ২০০৪ চনত মাতৃ ৰানু সমদ্দাৰক ডি ভোটাৰ বুলি এখন চমন নলবাৰী আৰক্ষীয়ে প্ৰেৰণ কৰাৰ পিছতে ৰানু সমদ্দাৰসহ পৰিয়ালৰ লোকে দণ্ড ন্যায়ধীশৰ কাষ চাপে আৰু ২০১৪ চনত আদালতে ৰানু সমদ্দাৰক ভাৰতীয় নাগৰিক হিচাপে ৰায়দান দিয়ে।।কিন্তু ইয়াৰ পিছতো অন্ত নপৰিল পৰিয়ালটোৰ মানসিক বোজা।

যোৱা ৪ জুলাইত ৰানু সমদ্দাৰৰ নামত আহিল পুনৰ এখন ডি ভোটাৰৰ নটিচ। ইয়াকে লৈ পৰিয়ালটো মানসিক ভাৱে ভাগি পৰিছে আৰু উপায়বিহীন হৈ পৰিয়ালটোৱে অৱশেষত কাষ চাপিলে সংবাদ মাধ্যমৰ ওচৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।