লম্পট যুৱকৰ প্ৰতাৰণাৰ বলি যুৱতী

 07/06/2019 - 20:05

নলবাৰীঃ পুনৰ সংঘটিত হল নাৰী নিৰ্যাতনৰ ঘটনা। এইবাৰ নলবাৰীত প্ৰবঞ্চনাৰ বলি হ’ল এগৰাকী যুৱতী। এগৰাকী লম্পট যুৱকৰ প্ৰতাৰণাৰ বলি হয় যুৱতীগৰাকী। যুৱতীগৰাকীৰ ঘৰ নলবাৰীৰ সোণপুৰত। একেগাঁৱৰে যুৱক কমল দাসে ২০১৮ চনৰ মে’ মাহৰ পোন্ধৰ তাৰিখে আইনী প্ৰথাৰে বিয়া কৰায়। পিছে বিয়া কৰায়ো বিগত প্ৰায় এবছৰে নিজৰ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে শহুৰৰ ঘৰতে ৰাখিলে যুৱতীক।

আজি ঘৰলৈ নিম কাইলৈ ঘৰলৈ নিম বুলি শেহত দাবী কৰিলে পাঁচ লাখ টকা। পাঁচ লাখ টকা ছোৱালীৰ পৰিয়ালে আদায় দিলেহে ঘৰলৈ নিব পত্নীক। কিন্তু অতি দুখীয়া পৰিয়ালটোৱে পইচা দিবলৈ সমৰ্থ নহয়। আনহাতে কমল বৰ্তমান পলাতক অৱস্থাত আছে। উপায়হীন হৈ যুৱতীগৰাকীয়ে ন্যায় বিচাৰি স্থানীয় মহিলা সমিতিৰ ওচৰ চাপিল। এতিয়া প্ৰবঞ্চনাৰ বলি হোৱা যুৱতীগৰাকীক কোনে ন্যায় দিব সেয়াহে লক্ষণীয় হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।