বোকাজান পানী যোগান আঁচনিৰ নামত ব্যাপক দুৰ্নীতিঃ ১০ বছৰতো সম্পূৰ্ণ নহ’ল কাম

 07/06/2019 - 20:18

বোকাজানঃ বোকাজান পানী যোগান আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ১০ বছৰতো সম্পূৰ্ণ নহ’ল ১০ কোটি টকীয়া পানী যোগান আঁচনিৰ কাম। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে ২০০৯ চনৰে পৰা আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল পানী যোগান আঁচনি। একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু অভিযন্তাই সৰহ সংখ্যক ভাগ আত্মসাৎ কৰি আধাতে পেলাই থলে কোটিটকীয়া পানী যোগান আঁচনিৰ কাম।

উল্লেখযোগ্য যে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানবাসীৰ বাবে ১০ কোটিটকীয়া পানী যোগান আঁচনি ধাৰ্য্য কৰিছিল কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদে। কিন্তু দুৰ্নীতিৰে পৰিপূৰ্ণ পানী যোগান আঁচনিৰ একাংশ ঠিকাদাৰ আৰু অভিযন্তাৰ বাবে আজি পৰ্যন্ত এটুপি খোৱা পানী লাভ নকৰিলে বোকাজানবাসীয়ে।

শনিবাৰে দিনৰ গুৱাহাটীৰ পৰা অহা সংযুক্ত সচিব দুলাল পেগুৰ সৈতে চপন দাস, সুব্ৰত ধৰ, কুমুদ চন্দ্ৰ ডেকা, ফকৰুদ্দিন চৌধুৰীকে ধৰি দিছপুৰৰ ৫ জনীয়া এটা দলে পৰ্যবেক্ষণ কৰিবলৈ আহে পানী যোগান আঁচনিখন। লগতে উপস্থিত থাকে স্থানীয় বিধায়ক নোমল মমিন, কাৰ্যবাহী মন্ত্ৰী মাধুৰ্য্য ঢেকিয়াল ফুকন।

উল্লেখযোগ্য যে নিৰ্মাণ কৰা কাম পৰিদৰ্শন কৰিব বুলি জানি দুদিনতে মাটি খান্দি পানীৰ পাইপ বহুৱাৰ লগতে ১০ বছৰে পৰি সেই থকা সেই পানী যোগান আঁচনিখনৰ সমগ্ৰ চৌহদ চাফা কৰে। অন্যহাতে সকলো পৰিদৰ্শন কৰি পানী যোগান আঁচনিতো ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি ঘৰে ঘৰে পানী যোগান ধৰাৰ নিৰ্দেশ দিয়ে স্থানীয় বিধায়ক নোমল মমিনে। কিন্তু এই নিৰ্দেশ কিমান দূৰলৈ প্ৰযোজ্য হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।