ধুবুৰীঃ ধুবুৰীৰ আদালতত চলি থকা এক হত্যাকাণ্ডৰ গোচৰৰ সাক্ষী দিবলৈ অহা মুকুল সেখ নামৰ লোকজনক আজি ছুৰিৰে আঘাত কৰে। জানিব পৰা মতে বাতেন আৰু বাবলু নামৰ দুষ্কৃতিয়ে প্ৰধান সাক্ষী মুকুল সেখক ছুৰিৰে আঘাত কৰি প্ৰানে মৰাৰ চেষ্টা কৰে। ধুবুৰীৰ আদালতত বিগত প্ৰায় ৫ মাহ পূৰ্বৰে পৰাই এটা হত্যাকাণ্ডৰ গোচৰ চলি আছিল আৰু উক্ত হত্যাকাণ্ডৰ প্ৰধান সাক্ষী আছিল মুকুল সেখ।
আজি আদলতত উপস্থিত হোৱাৰ তাৰিখ আছিল। সেয়ে বাতেনে ধুবুৰী আদালত মুকুল সেখক হাজিৰ নহ’বলৈ আগতীয়াকৈ ভাবুকি প্ৰদান কৰিছিল। কিন্ত তেওঁ ন্যায়ৰ বাবে ধুবুৰী ক’ৰ্টৰ সন্মুখত কাছাৰী ঘাটত নাওৰ পৰা নামি অহাৰ লগে লগেই বাতেন, বাবলু আৰু ১০/১১জনীয়া দল এটাই আহি মুকুল সেখৰ শৰীৰৰ কেইবা ঠাইত ছুৰিৰে আঘাত কৰে৷
তাৰ পৰা মুকুলে দৌৰি আহি ক’ৰ্টৰ সমূখত থকা আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ উপৰি মুকুল সেখৰ লগত থকা নগদ ২২ হাজাৰ টকাও কাঢ়ি লৈ যায় দুষ্কৃতিকাৰী দলটোৱে। এনেদৰে এখন আদালতৰ সন্মুখত এগৰাকী সাক্ষীক হত্যাৰ চেষ্টা চলোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে কাণ্ড যাতে অনাগত দিনত ভাৰতবৰ্ষৰ কোনো আদালতৰ সমুখত সংঘটিত হ’ব নোৱাৰে তাৰ বাবে এই ঘটনাৰ লগত জড়িত সকলো দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি এগৰাকী অধিবক্তাই মত প্ৰকাশ কৰে।