টীয়কঃ চৌদিশে মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ সম্ভাৱনীয়তাৰ এক বাৰ্তা ভাইৰেল হোৱাৰ সমান্তৰালভাৱে ৰাজ্যজুৰি সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া৷ টীয়কৰ ফুড ভিলাত আজি অনুষ্ঠিত বিজেপিৰ সংগঠন পৰ্ব, সদস্যতা অভিযানৰ কাৰ্যসূচীত ভাষণৰত অৱস্থাতে ৰাজ্য সভাৰ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয় যে কংগ্ৰেছ দলৰ এইয়া হতাশগ্ৰস্ততা৷
এটা সময়ত অভব্য গালি গালাজ পাৰি থকা ব্যক্তিও দলটোৰ প্ৰতি আকৃষ্ট হৈছে৷ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত সাংসদগৰাকীয়ে কয় যে ৰূপজ্যোতি কুৰ্মী আগমন সন্দৰ্ভত অজ্ঞ আৰু এইক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰে৷ মন্ত্ৰী দিব লাগিব, প্ৰাৰ্থিত্ব দিব লাগিব এনে মন্তব্য তেখেতৰ অৰ্থহীন বুলি উল্লেখ কৰে৷ ভিন্ন সময়ত বিজেপি দলটোক গালি গালাজ পাৰি থকা বিধায়কগৰাকীৰ সন্দৰ্ভত মতিভ্ৰম আৰু অহংকাৰী হোৱা বাবে তেনে আচৰণ কৰিছিল আৰু ভগৱানে সুমতি দিয়ক বুলি মন্তব্য কৰে৷
ইয়াৰ উপৰি বিজেপিৰ জিলা সভাপতি জিতু হাজৰিকাই কয় যে ৰূপজ্যোতি কুৰ্মীয়ে জিলা পৰ্যায়ৰ কৰ্মীৰ লগত কোনোধৰণৰ যোগাযোগ কৰা নাই আৰু এই সন্দৰ্ভত কেনেদৰে কি আলোচনা হৈছে সেই ক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰে৷ লগতে কয় যে এইয়া তেখেতৰ ব্যক্তিগত প্ৰচেষ্টাহে৷ ইপিনে অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাক সাংবাদিকে এই সন্দৰ্ভত শোধা প্ৰশ্নত শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত সকলো নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰি এই ক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰে৷ আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সংগঠন পৰ্ব, সদস্যতা অভিযানত ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভত চৰ্চা হোৱা পৰিলক্ষিত হয়৷ এই সভাতে শতাধিক লোক বিজেপি দলত যোগ দিয়ে৷