07/07/2019 - 13:26
in
ওৰাংঃ ৰাজ্যত পুনৰ আৰম্ভ হ’ল জনজাতিকৰণৰ আন্দোলন। শনিবাৰে সন্ধিয়া ওৰাঙত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, আক্ৰাছু, কোচ ৰাজবংশী সন্মিলনীৰ, কোচ ৰাজবংশী মহিলা সন্মিলনীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সাব্যস্ত কৰে এই প্ৰতিবাদ।
কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কৰা বিৰূপ মন্তব্যৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰি ওৰাং চহৰ উত্তাল কৰি তোলে। অতি শীঘ্ৰে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিবলৈ আহ্বান জনাই সংগঠনকেইটাই। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।