চেলেংহাটত পাষাণ পুত্ৰৰ অমানবীয় কাণ্ডঃ মৰিয়াই ভাঙিলে মাতৃৰ হাত-ভৰি

 07/07/2019 - 14:26

 মৰিয়নীঃ কিমান নিৰ্দয় নিষ্ঠুৰ হ'লে নিজ পেটৰ সন্তানে মাতৃক নিৰ্মম অত্যাচাৰ কৰি হাত ভৰি ভাঙি পথত পেলাই থৈ যাৱ পাৰে। তেনে এক অমানৱীয় ঘটনা সংঘটিত হৈছে চেলেংহাটত। মৰিয়নী সমষ্টিৰ  চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত বেলতল জাপিসজীয়াত শুকুৰবাৰে নিশা সংঘটিত হয় এক অমানবীয় কাণ্ড। পাষাণ পুত্ৰই নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে নিজ মাতৃক।

জানিব পৰা মতে চেলেংহাট জাপিসজীয়াৰ পেচাত গাড়ীচালক পৰাগ গগৈ নামৰ যুৱকজনে নিজ পত্নীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈ পত্নীক তীব্ৰ শাৰীৰিক নিৰ্যাতন চলোৱা প্ৰত্যক্ষ কৰি মাতৃ অঞ্জলি গগৈয়ে পৰাগৰ তেনে কাৰ্যত বাধা দিয়াৰ লগতে পৰাগৰ পত্নীক নিৰাপদ ঠাইলৈ আঁতৰাই পঠিয়ায়। ইয়াতে খড়গহস্ত হৈ পৰাগে নিজ মাতৃক ৰাজ পথত খেদি খেদি গুৰুলা গুৰুলকৈ মূৰ, পিঠি, ভৰি আৰু হাতত এডাল বাঁহেৰে প্ৰহাৰ কৰে।

পুত্ৰৰ আক্ৰমণত মাতৃৰ মূৰ ফাটি যোৱাৰ লগতে ভৰি আৰু হাত ভগা অৱস্থাত মাতৃগৰাকী পাষাণ পুত্ৰৰ হাতৰ পৰা কোনো মতে পলাই আহিবলৈ সক্ষম হয় যদিও গুৰুতৰভাৱে আহত মাতৃগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি নাহিল গাঁওখনৰ এজনো লোক। মহিলাগৰাকীয়ে কাকুতি মিনতি কৰি ওচৰ চুবুৰীয়াক সহায় ভিক্ষা বিচাৰে যদিও আইনী মেৰপেচত সোমোৱাৰ ভয়তে নিশা অসহায় মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি নাহিল এজনো গাঁওবাসী।

আনকি মহিলাগৰাকীয়ে চিকিৎসালয়লৈ নিবলৈ ১০৮ মৃত্যুঞ্জয় সেৱাক ফোন কৰিবৰ বাবেও কেইবাজনো লোকক অনুনয় বিনয় কৰে যদিও মহিলাগৰাকীৰ লগত চিকিৎসালয়লৈ লগত যাব লাগে বুলিয়ে ১০৮ সেৱালৈ ফোন নকৰিলে একাংশ লোকে। ফলত মহিলাগৰাকী গোটেই নিশা পথৰ কাষৰ এখন দোকানৰ বাৰাণ্ডাতে পৰি ৰয়। পুৱতি নিশা আঘাতপ্ৰাপ্ত মহিলাগৰাকীয়ে চুচৰি চুচৰি আমগুৰি সামূহিক চিকিৎসালয়ত উপস্থিত হোৱাত সমগ্ৰ ঘটনা পোহৰলে আহে।

ইতিমধ্য পুত্ৰৰ প্ৰহাৰত মহিলাগৰাকীৰ হাত ভৰি সম্পূৰ্ণ ৰূপে ভাঙি যোৱাৰ লগতে মূৰত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। সম্প্ৰতি চিকিৎসালয়ত অকলশৰে থকা মহিলাগৰাকীৰ কাষত নাই মহিলাগৰাকীৰ আত্মীয় কিম্বা ওচৰ চুবুৰীয়া। আমগুৰি সামূহিক চিকিৎসালয়ত অকলশৰে এখন বিছনাত বিষত জৰ্জৰিত হৈ কেঁকাই থকা মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা সাংবাদিকৰ আগত বিৱৰি কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।