উত্তৰ গুৱাহাটীৰ লেঙাত খাদ্যত বিষক্ৰিয়াঃ প্ৰসাদ খাই অসুস্থ বহুলোক

 07/07/2019 - 16:20

উত্তৰ গুৱাহাটীঃ কামৰূপ জিলা অন্তৰ্গত উত্তৰ গুৱাহাটীৰ লেঙাত খাদ্যত বিষক্ৰিয়া হৈ বহুলোক আক্ৰান্ত হয়। দক্ষিণ লেঙা মাথাউৰি চুবা ৰাজহুৱা নামঘৰত শনিবাৰে আয়োজিত এক ধৰ্মীয় অনুষ্ঠানত মাহ প্ৰসাদ খাই বিষক্ৰিয়া হৈ প্ৰায় ৫০ গৰাকী পুৰুষ-মহিলা-শিশু আক্ৰান্ত হয়। বমি, পায়খানা, মূৰ ঘূৰনি, জ্বৰ আদি বেমাৰত আক্ৰান্ত শিশু মহিলা পুৰুষসকলক গাঁওবাসীয়ে বাফনা অসামৰিক চিকিৎসালয়, পানবজাৰ এমএমচিৰ লগতে জিএমচিএইছলৈ চিকিৎসাৰ বাবে ভৰ্তি কৰায়।

প্ৰাপ্ত খবৰ অনুসৰি দুজন ৰোগীৰ অৱস্থা সংকটজনক। কালি স্থানীয় মহিলাসকলে আয়োজন কৰা ধৰ্মীয় অনুষ্ঠানটোৰ অন্তত প্ৰায় ডেৰশ লোকে বুটমাহ খোৱালৈ লক্ষ্য কৰি আৰু অধিক লোক আক্ৰান্ত হোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।