07/07/2019 - 16:47
in
তিতাবৰঃ নিশা হােৱা প্ৰবল ধুমুহা আৰু বৰষুণৰ ফলত দাঁতিকাষৰীয়া নগাপাহাৰৰ পৰা বৈ অহা পানীয়ে অসম নগালেণ্ড সীমান্তৱৰ্তী বৰহোলা, বেকাজান, নগাবাট আদি বৃহত্তৰ অঞ্চলসমূহ পানীৰে বুৰাই পেলায়। এই ভয়াবহ পানীয়ে কাকডোঙা, বালিজান, তেৰিমেৰি জানৰ সংযােগী মথাউৰিটাে ছিঙি নিয়ে। ফলত অঞ্চলটোৰ প্ৰায় ৫০ খনৰো অধিক গাঁও বানপানীৰ কবলত পৰে।
বানপানীয়ে অঞ্চলটোৰ ঘৰ-বাৰী, বাট-পথ আদি বুৰাই পেলোৱাৰ উপৰিও বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰ, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বহুকেইখন শিক্ষানুষ্ঠান, কাৰ্যালয় আৰু আৰক্ষী থানা পানীৰ কবলত পৰে।
আনহাতে স্থানীয় প্ৰশাসনে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক কােনাে ধৰণৰ উদ্ধাৰ অভিযান আৰু ৰিলিফ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে।