ৰামপুৰ ছলাপথাৰ নৱোদয় জাতীয় বিদ্যালয়ত অভিনন্দন অনুষ্ঠান

 07/07/2019 - 19:52

টুকটুকীঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ৰামপুৰ ছলাপথাৰ নৱোদয় জাতীয় বিদ্যালয়ে সদ্যঘোষিত ২০১৯বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফলত বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেই উপলক্ষে বিদ্যালয়খনৰ প্ৰাঙ্গনত আজি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষ হবিবুৰ ৰহমানে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে আজিজুল হকে।

সভাখনত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ১১জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১১জনেই উত্তীৰ্ণ হৈ এশ শতাংশৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২গৰাকী ডিষ্টিংচন, ৪গৰাকীয়ে ষ্টাৰ, ২গৰাকী প্ৰথম বিভাগ আৰু ৩গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। সভাখনৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰে।

সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই কয় যে এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আজি যি ধৰণৰ ফলাফল লাভ কৰিছে সেয়ালৈ অঞ্চলবাসী গৌৰৱাম্ভিত হৈছে। সভাৰ মাজতেই বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১১জনকৈ ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

অভিনন্দন অনুষ্ঠানটোত বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান, ধনীয়ভেটি হাইস্কুলৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম, বাটমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক তজমুল হুছেইন, কদমনি টাইটেল মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক আনৰুল হক চৌধুৰী, বিশিষ্ট সমাজ সেৱিকা দুলুমণি কলিতা, হাইডুবি হাইমাদ্ৰাছাৰ প্ৰধান শিক্ষক হুছেইন আলী, বিশিষ্ট সমাজ সেৱিকা আনুৱাৰা খাতুনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বহুমূলীয়া ভাষণ আগবঢ়ায়। সভাখনত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।