তামুলপুৰঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ পিছত এইবাৰ ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু হৈছে তামুলপুৰৰ এগৰাকী ব্যক্তিৰ। জানিব পৰা মতে তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভকতপাৰ গাঁঁৱৰ নিবাসী ভগৱান প্ৰসাদ নামৰ ৭৫ বছৰীয়া ব্যক্তিগৰাকীৰ যোৱা ৩ জুলাইত মৃত্যু হয়। তামুলপুৰ ঘগ্ৰাচকৰ জ্যেষ্ঠ ব্যৱসায়ী ভগৱান প্ৰসাদে বহুবছৰ ধৰি গেলামাল দোকানেৰে ব্যৱসায় চলাই পৰিয়ালটো পোহপাল দি আছিল।
কিছুদিন ধৰি তেওঁঁ হাৰ্টৰ অসুখত ভুগি আছিল কিন্তু যোৱা ১ জুলাইত তেওঁঁ গুৰুতৰভাৱে অসুস্থ হোৱাত গুৱাহাটীস্থিত আমিনগাঁওস্থিত নাৰায়ণা হাস্পতাললৈ তেওঁঁক চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও চিকিৎসা চলি থকাৰ সময়তে তেওঁঁ মৃত্যুক আঁকোৱালি লয়। নাৰায়ণা হাস্পতাল কৰ্তৃপক্ষই ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৃদ্ধগৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালক জনায়।
আজি সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত তামুলপুৰ মহকুমাতে এক আতংকৰ সৃষ্টি হয়। মৃত্যুৰ সময়ত তেওঁঁ পত্নীৰ সৈতে এজন পুত্ৰ, এগৰাকী বোৱাৰী, এগৰাকী ভটিজা আৰু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।