বাক্সাঃ স্থানীয় নাগৰিক আৰু সংবিধান সেৱকৰ উদ্যোগত নাগৰিকত্ব আৰু সমাজৰ বিভিন্ন সমস্যা সম্পর্কে বাক্সাৰ কাটাঝা হাইস্কুল খেলপথাৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে দিল্লীৰ বিশিষ্ট মানৱধিকাৰ কর্মী তথা প্রাক্তন প্রশাসনিক বিষয়া হার্শ মান্দে, বিশিষ্ট অতিথি আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড০ হাফিজ আহমেদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যপক ড০ মনিৰুল হুছেইন উপস্থিত থাকে।
আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানৰ বক্তব্যৰ মাজেৰে এনআৰচি আৰু ‘ডি ভােটাৰ’ৰ নামত যাতে প্রকৃত ভাৰতীয়ক হাৰাশাস্তি নকৰে তাৰ বাবে চৰকাৰক আহ্বান জনায়। আমছুৰ উপদেষ্টা গৰাকীয়ে ভাষণ প্ৰসংগত কয় - যি সকলৰ নাম এনআৰচি-ৰ পৰা বাদ পৰিছে বা জুলাই মাহত প্রকাশ পাবলগীয়া এনআৰচি-ৰ পৰা বাদ পৰে তাক লৈ কােনেও যাতে আতংকিত নহয় বা ভয় নাখায়।
লগতে তেওঁ সংখ্যলঘু ৰাইজক শিক্ষাৰ প্ৰতি গুৰুত্ব দিৱলৈ আহ্বান জনাই আৰু সমাজত চলি থকা কু-সংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, জুৱা খেল আদি কার্য্যৰপৰা বিৰত থাকিবলৈ আহ্বান জনাই বক্তব্যৰ সামৰিণ মাৰে।