ডিজিটেল ডেস্ক: উত্তৰাখণ্ড আৰক্ষী প্ৰশাসনে শিশুৰ ভিক্ষাবৃত্তি নিৰ্মূল কৰিবলৈ 'অপাৰেছন মুক্তি’ নামৰ এক অভিযান আৰম্ভ কৰে। এই অভিযানৰ দ্বাৰা ভিক্ষা বৃত্তিৰ লগত জড়িত ৬৮টি শিশুক বিদ্যালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই ৬৮টি শিশুৰ ভিতৰত এটি শিশু দৃষ্টিহীন। যাক ডেৰাডুনস্থিত ৰাষ্ট্ৰীয় দৃষ্টিবাধিতাৰ্থ সংস্থা: এন আই বি এইচত ৰাখি শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ৬৭টি শিশুক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰায় উত্তৰাখণ্ডৰ আৰক্ষী প্ৰশাসনে। দুমাহৰ পূৰ্বে আৰম্ভ হোৱা এই অভিযানৰ মূল উদ্দেশ্য হ'ল শিশুসকলৰ দ্বাৰা কৰা ভিক্ষাবৃত্তিসমূহ নিৰ্মূল কৰি ইয়াৰ লগত জড়িত শিশুসকলক উদ্ধাৰ কৰি শিক্ষাপ্ৰদান কৰা। এই অভিযানত আৰক্ষীয়ে এন্টি হিউমেন ট্ৰেফিকিং ইউনিটছ গঠন কৰি ৰাজ্যৰ বিভিন্ন সংস্থাত নিয়োগ কৰিছে। প্ৰত্যেক ইউনিটছত এগৰাকী মহিলা আৰক্ষীকো নিয়োগ কৰা হৈছে।
উল্লেখনীয় যে এই সন্দৰ্ভত প্ৰশাসনে হৰিদুৱাৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে কাৰন আৰক্ষীয়ে পোৱা তথ্য অনুসৰি হৰিদুৱাৰাত ভিক্ষাবৃত্তিৰ লগত জড়িত শিশুৰ সংখ্যা অধিক। ইয়াৰ উপৰিও হৰিদুৱাৰাৰ অন্য এলেকা যেনে দৰ্শন লাল চ'ক, পৰেড গ্ৰাউণ্ড আদি ঠাইত আৰক্ষীয়ে অভিযান চলায়। এই অভিযানৰ প্ৰথম পৰ্যায়ত ১ মে পৰা ১৫ মেলৈ ভিক্ষাবৃত্তিৰ লগত জড়িত শিশুসকলৰ এক তালিকা প্ৰস্তুত কৰা হয়। দ্বিতীয় পৰ্যায়ত ১৬ মে পৰা ১৫ জুনলৈ ডেৰাডুন চহৰৰ সকলো স্কুল, কলেজ, আৰু ৰাজহুৱা স্থানত যেনে চিনেমাগৃহ, বাচ তথা ৰেলৱে ষ্টেচন আদিত ভিক্ষা খোজা শিশুসকলক ভিক্ষা নিদিবলৈ ৰাইজৰ মাজত এক সজাগতামূলক প্ৰচাৰ চলায়।
এই অভিযানত আৰক্ষীয়ে বেনাৰ, পোষ্টাৰ, বাটৰ নাট, ছ'চিয়েল মিডিয়া আদিক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। এই অভিযানত ভিক্ষা খোজা, জাবৰ বোটলা আদি অন্যান্য কাৰ্যত জড়িত ২৯২টি শিশুৰ তালিকা প্ৰস্তুত কৰা হৈছিল যদিও বৰ্তমান ৬৮ জন শিশুকহে উদ্ধাৰ কৰি চৰকাৰী বিদ্যালয়ত নামভৰ্ত্তি কৰোৱা হৈছে। ৰাজ্যখনৰ আৰক্ষী মহাৰ্নিদেশক অনিল ৰতুডীয়ে এই অভিযানত জড়িত থকা সকলো চৰকাৰী সংস্থাক ধন্যবাদ জ্ঞাপন কৰি এই শিশুসকলৰ ভবিষ্যৎ সুন্দৰ কৈ গঢ়ি তুলিবলৈ আহ্বান জনায়।