কামপুৰঃ কৃষকসকলৰ সমস্যা সমাধানৰ দাবীত ৰাজ্যিক কৃষক পৰিষদৰ উদ্যোগত নগাঁৱৰ ৰাঙলুত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ কমৰেড ৰমাকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাজ্যিক সম্পাদক টিকেন দাসৰ গুৰুত্বপূৰ্ন মন্তব্য কৃষকক ভিক্ষা নালাগে, লাগে ন্যায্য প্ৰাপ্য ৰাজ্যৰ কৃষকৰ সমস্যা সমূহ বাঢ়ি গৈ থকা বুলি মন্তব্য কৰাৰ লগতে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত গঠন হোৱা বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷
লগতে কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য দিব নোৱাৰা চৰকাৰখনে উচ্ছেদৰ নামত বহু দুৰ্ভগীয়া কৃষকৰ সপোন ধ্বংস কৰাৰ লগতে কৃষক অনুদানৰ নামত চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্যৰ পৰা প্ৰকৃত কৃষকসকল বঞ্চিত হোৱাৰ অভিযোগ তোলে৷ চৰকাৰে কৃষকৰ সমস্যা সমাধান কৰাত আওকাণ কৰি কৃষকৰ সমস্যাসমূহ পুহি ৰাখি কৃষকসকলক এক ঘোৰ অন্ধকাৰলৈ ঠেলি দিয়া বুলিও মন্তব্য কৰে। ইফালে এই ৰাজহুৱা সভাতে অসম ৰাজ্যিক কৃষক সভাৰ মুখপত্ৰ কৃষক সংগ্ৰাম নামৰ গ্ৰন্থখনি উন্মোচন কৰে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা নিখিল ভাৰতীয় সভাপতি অচ্যুত ধাৱালে৷ এই ৰাজহুৱা সভাত বিভিন্ন অঞ্চলৰ সহস্ৰাধিক কৃষকে অংশগ্ৰহণ কৰে৷