গুৱাহাটীঃ উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ জালত বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা। আৰক্ষীৰ নিজাববীয়া গোচৰৰ ভিত্তিত আটক হিম্মৎসিংকাক। আমচৈ চাহ বাগিচাত কেনেদৰে গুলীবিদ্ধ হৈছিল যুৱতী। আমিনগাঁৱৰ নাৰায়নাত গুলীবিদ্ধ যুৱতীৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছতে উত্তৰ গুৱাহাটী আৰক্ষীৰ তদন্ত আৰম্ভ। তথ্য প্ৰমান নষ্ট কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা যুৱতীৰ পৰিয়ালৰ। বাৰে বাৰে সংবাদ মাধ্যম আৰু আৰক্ষীৰ আগত ভাষ্য সলনি কৰিছিল সুন্দৰী যুৱতী আৰু পিতৃয়ে। ঘটনাৰ লগত জড়িতৰ সন্দেহত আটক হিম্মৎসিংকা আৰু পত্নী পুনম হিম্মৎসিংকাক। লগতে ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয় নামৰ দুজন ব্যৱসায়ীক আটক আৰক্ষীৰ।
উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ সিংৰ সফল অভিযানত জব্দ মডেল গৰাকীয়ে ব্যৱহাৰ কৰা BMW বাহন। এই অভিযান কালতেই জব্দ হয় হিম্মৎসিংকাৰ অনুজ্ঞা পত্ৰৰ ম্যাদ উকলা .৩২ ৰিভলভাৰ আৰু ১০ জাই সজীৱ গুলী। হিম্মৎসিঙকাৰ এই .৩২ ৰিভলভাৰৰে গুলী লাগিছিল সুন্দৰী যুৱতী চুহানী লষ্কৰ ওৰফে ৱাহিদা বেগমৰ ভৰিত। ঘটনাৰ প্ৰকৃত সত্য বিচাৰি উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এটা দল উপস্থিত হৈছিল ৰহাৰ আমচৈ চাহ বাগিচাৰ হিম্মৎসিংকাৰ বাহগৃহত। বাসগৃহৰ পৰাই ভাৰতীয় দণ্ডবিধি আইনৰ U/S= 120(B)/307 IPC. R/W/27/28/arms act. ৰ অধীনত আৰক্ষীয়ে আটক কৰে ৰাজেশ হিম্মৎসিংকাক। ঘটনাত ব্যৱহৃত BMW আৰু গৰাকীও আৰক্ষীৰ জালত। মহানগৰী মালিগাঁৱৰ ব্যৱসায়ী কাৰ্তিক ৰয় BMWৰ গৰাকী। শাৰীৰিক অসুস্থতা বাবে হিম্মৎসিংকাক জিএমচিএইছত ভৰ্তি কৰোৱা হৈছে বুলি উত্তৰ গুৱাহাটী আৰক্ষীয়ে জানিবলৈ দিছে।