ওৰাংঃ ওৰাঙৰ মাজবাটত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷ পুত্ৰ-বোৱাৰীয়ে হত্যা কৰিলে নিজ বৃদ্ধ মাতৃক। হত্যা কৰি পুতি থ’লে পাক ঘৰৰ ভিতৰত। মাজবাট থানাৰ অন্তৰ্গত ২ নং বেটিবাৰি গাঁৱত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। নিহত বৃদ্ধাগৰাকীৰ নাম ৰুমা গৌড়। পাষাণ পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তো ভূমিজে দেওবাৰে সন্ধিয়া পাৰিবাৰিক কন্দলৰ পাছতে কুঠাৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰি পুতি থৈছিল পাক ঘৰৰ ভিতৰত।
সোমবাৰে স্থানীয় ব্যক্তি মাখন গৌড় নামৰ লোক এজনে সমগ্ৰ ঘটনাটো সম্পৰ্কে অবগত কৰে মাজবাট আৰক্ষীক। পাছত সোমবাৰে পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। মাদক দ্ৰব্য সেৱন কৰি প্ৰতিদিনে পৰিয়ালৰ লগত কাজিয়া কৰি আহিছিল আৰু তাৰ পৰিণতিতে পুত্ৰ-বোৱাৰীয়ে মিলি দেওবাৰে সন্ধিয়া হত্যা কৰিছিল নিজ মাতৃক। হত্যাকাৰী পুত্ৰ-বোৱাৰী প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তো ভূমিজক সম্প্ৰতি জেল হাজোটলৈ প্ৰেৰণ কৰিছে। অমানৱীয় এই হত্যাকাণ্ডৰ ঘটনাই এতিয়া সমগ্ৰ মাজবাট অঞ্চলত চাঞ্চ্যলই বিৰাজ কৰিছে।