07/09/2019 - 12:22
in
নগাওঁঃ অতি মৰ্মান্তিক। নগাঁৱৰ উৰিয়াগাঁও চ’কত উদ্ধাৰ হৈছে মাতৃহাৰা দুটি কণমানি শিশু। হৃদয়হীন পিতৃয়ে পথৰ দাঁতিত এৰি যায় মাতৃহাৰা শিশু দুটিক। বৰষুণত তিতি–বুৰি কান্দি আছিল শিশু দুটিয়ে।
শিশু দুটিয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ দেউতাকৰ নাম কিৰণ কৰ্মকাৰ আৰু ঘৰ বাগৰিত। স্থানীয় লোকে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে কান্দি থকা প্ৰত্যক্ষ কৰে শিশু দুটিক।
উদ্ধাৰ হোৱা শিশু দুটিৰ নাম চনম কৰ্মকাৰ আৰু ৰাতুল কৰ্মকাৰ। বৰ্তমান শিশু দুটিৰ দায়িত্ব লৈছে এগৰাকী মহিলাই। এনে পাষাণ পিতৃক সকলোৱে একমুখে গৰিহনা দিছে।