07/09/2019 - 12:31
in
লখিমপুৰঃ নেৰানেপেৰা বৰষুণৰ ফলত ৰঙানদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰঙানদী বানে উটোৱাই নিলে বগলীজান, বোৱালগুৰি, ডি'জো চাপৰি আদিকে ধৰি শতাধিক গাঁৱৰ সংযোগী একমাত্ৰ পাঁচনৈ বাঁহৰ দলংখন।
ৰঙানদী পাৰৰ বহু গাঁও এতিয়া জলমগ্ন। অন্যহাতে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলতো ফেনে ফোটোকাৰে বাঢ়িছে ৰঙানদীৰ জলপৃষ্ঠ।