07/09/2019 - 12:56
in
নলবাৰীঃ কৃত্ৰিম বানৰ কবলত নলবাৰী চহৰ। বৰষুণৰ ফলত নলবাৰী চহৰত থকা পথ উপপথসমূহত পানীৰে উপচি পৰিছে যাৰ ফলত জলাকলা খাইছে সাধাৰণ ৰাইজে। কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি চহৰখনৰ কলেজ ৰোডত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰীসকলে পানীৰ ওপৰত এইদৰেই প্ৰতিবাদ কৰি কৃত্ৰিম বানৰ সমস্যা সমাধান কৰক, নলবাৰী পৌৰ সভা হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে পৌৰ সভাৰ অকৰ্মণ্যতাৰ বাবে বছৰ বছৰ ধৰি নলবাৰী চহৰ কৃত্ৰিম বানৰ কবলত পৰি আহিছে। গাত কথা নলগা এই বিভাগটোৰ লগতে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ দাবী জনায় সংগঠনটোৱে।