আমগুৰিঃ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সকাহ দিয়াৰ বাবে গঠন কৰা অঞ্জন দত্ত ফাউণ্ডেশ্বনৰ ন্যাসৰক্ষীৰ হৈ প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই আমগুৰিত এক সংবাদমেলৰ আয়োজন কৰে। আমগুৰি কনফাৰেঞ্চ হ'লত অনুষ্ঠিত সংবাদমেলত অংকিতা দত্তই কয় যে "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫/ বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব।
১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ স্থায়ী বাসিন্দা হোৱা শিক্ষাৰ্থীক এই বৃত্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি বাচনি হোৱা বিশজন শিক্ষাৰ্থীক পাচ হাজাৰকৈ সৰ্বমুঠ এক লাখ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে। সংবাদমেলতে অংকিতা দত্তই কয় যে আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিপিএল কাৰ্ডৰ প্ৰতিলিপি, আয়ৰ প্ৰমান পত্ৰ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীট, চাৰ্টিফিকেটৰ প্ৰত্যায়িত প্ৰতিলিপি আৰু একপি পাছপ'ৰ্ট ফটো গাঁঠি দিব লাগিব।
অহা ৮ আগষ্টৰ ভিতৰত আৱেদন পত্ৰ এ ডি টাৱাৰ, এন এইচ ৩৭, লালমাটি গুৱাহাটী ঠিকনাত জমা দিব লাগিব। এই সন্দৰ্ভত অধিক জানিবৰ বাবে ম'বাইল ৯৬১৩৫-৮৯৮৬৯, ৯৭০৬৩-৮৪৫৪২নম্বৰত যোগাযোগ কৰিব পাৰিব। আৱেদন পত্ৰ teamanjandutta@gmail.com ত প্ৰেৰণ কৰিব পাৰিব।