খাদ্যৰ নামত বৰবিহঃ শিমলুগুৰিৰ মলয় হোটেলত প্ৰশাসনৰ তলা

 07/09/2019 - 14:56

নাজিৰাঃ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ নগৰৰ মলয় হোটেলত প্ৰশাসনৰ তলা৷ গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য খুৱাই বিপদত পৰিল হোটেলৰ মালিক৷ শিলগুটি মিহলি পৰঠা আৰু শিলগুটি মিহলি তৰকাৰী গ্ৰাহকক খুৱাইছিল হোটেলখনত৷ গ্ৰাহকে তাৰ বিৰোধিতা কৰাত গ্ৰাহকক দম্ভালি মাৰি গালি দিছিল হোটেলৰ মালিকে৷ মানুহৰ বাবে খাদ্য যেন এতিয়া বৰবিহ। অসীম দত্ত নামৰ এজন ব্যক্তিয়ে শিমলুগুৰি মলয় হোটেলত পৰঠা খাবলৈ লওতে পৰঠাত ওলায় শিলগুটি।

এই সম্পৰ্কে অসীম দত্তই শিমলুগুৰি আৰক্ষী প্ৰশাসনৰ লগতে শিমলুগুৰি ছাত্ৰ সন্থাক খবৰ দিয়ে। পৰঠাত ওলোৱা শিলগুটিৰ নমুনা প্ৰশাসনে সংগ্ৰহ কৰি খাদ্য সুৰক্ষা বিভাগলৈ প্ৰেৰণ কৰে। এই খাদ্যৰ নমুনাৰ খবৰ খাদ্য সুৰক্ষা বিভাগৰ পৰা নহালৈকে শিমলুগুৰি প্ৰশাসন আৰু শিমলুগুৰি ছাত্ৰ সন্থাৰ উপস্থিতিত শিমলুগুৰি মলয় হোটেল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।