ডিজিটেল ডেস্কঃ আজি বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। যত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ সৈতে মুখামুখি হ’ব। ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য- বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলকলৈ মােডী চৰকাৰৰ আমােলা মন্ত্ৰীসকলো যথেষ্ট উৎসুক হৈ পৰিছে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে সংসদৰ বৈঠকখন সােনকালে সামৰাৰ প্ৰয়ােজন যাতে খেলখন মন্ত্ৰী-আমােলাসকলেও উপভােগ কৰিব পাৰে।
আনফালে দিল্লীৰ বিজেপিৰ অধ্যক্ষ মনোজ তিৱাৰীয়ে গীতৰ জৰিয়তে টীম ইণ্ডিয়াক শুভেচ্ছা জনায়। টীম ইণ্ডিয়াৰ বাবে এটা সুখবৰ যে মানচেষ্টাৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই যুদ্ধখন। কাৰণ টীম ইণ্ডিয়াৰ বাবে মানচেষ্টাৰ খেলপথাৰখন শুভ হিচাপে বিবেচিত হৈ আহিছে। টীম ইণ্ডিয়াৰ জয়লাভৰ বাবে ক্ৰিকেট অনুৰাগীসকল পূজা-অৰ্চনা, দােৱা-প্ৰাৰ্থনাত ব্যস্ত আছে। টীম ইণ্ডিয়াক অধিক উৎসাহিত কৰিবৰ কাৰণে লাখ লাখ ক্ৰিকেটপ্ৰেমীও ইতিমধ্যে উপস্থিত হৈছে খেলপথাৰখনত। লগতে এদল ভাৰতীয় সেনা-বাহিনীও পূৰ্ণ প্ৰস্তুতিৰে টীম ইণ্ডিয়াক উৎসাহ দিবলৈ উপস্থিত হৈছেগৈ মানচেষ্টাৰত।