কাৰ্বি আংলঙত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি ভাইৰেল কৰিলে ভিডিঅ’

 07/09/2019 - 18:19

লংকাঃ ৰাজ্যত সংঘটিত হোৱা এটাৰ পিছত আনটো শিহৰণকাৰী ধৰ্ষণৰ ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে। শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণৰ ঘটনা। দলবদ্ধ ধৰ্ষণতে ক্ষান্ত নাথাকি ধৰ্ষণৰ ভিডিঅ ভাইৰেল কৰিলে হোৱাটছ এপত ।এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ মাইলুত। ঘটনা অনুসৰি, স্বামীৰ পৰা বিচ্ছেদ হৈ বহিঃৰাজ্যৰ এই গৰাকী মহিলা কৰ্মসূত্ৰে আহি উপস্থিত হৈছিল পশ্চিম কাৰ্বিআংলঙত। সন্ধিয়া মহিলাগৰাকীক অকলশৰীয়া অৱস্থাত লগ পাইছিল এই চাৰি যুৱক ক্ৰমে ৰাজেশ চৌহান,চন্দন চৌহান,চন্দিকা চৌহান,অজয় লৌহাৰ নামৰ এই চাৰি যুৱকক।

পিছত এই চাৰি যুৱকে কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনৰে মাইলুৰ চন্দন চৌহানৰ ঘৰলৈ নিয়ে। নিশা অকলশৰীয়া মহিলাগৰাকীৰ সৈতে এই চাৰি যুৱকে অসৎ কামনা চৰিতাৰ্থ ৰূপায়ণ কৰাতে ক্ষান্ত নাথাকি অপকৰ্মৰ সমগ্ৰ দৃশ্য আৱদ্ধ কৰিছিল মবাইলত। ইফালে,পুৱা কাকী ৰামপুৰৰ ৰাজেশ চৌহান নামৰ লম্পটোৱে মহিলা গৰাকীক কৌশলৰে লৈ আনি কাকীৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহ কৰাই দিয়াৰ লগতে দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ হোৱাটছ এপ যোগে নিজ আত্মীয়লৈ প্ৰেৰণ কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ক্ৰমাৎ ঘটনাটো পোহৰলৈ অহাত হোজাই জিলাৰ এগৰাকী অধিবক্তাই নিজাববীয়াকৈ কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই কাৰ্বিআংলঙৰ মাইলু আৰু কাকীৰ পৰা এই চাৰি লম্পটক‌ গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।