চলিত বৰ্ষৰ জুন মাহৰ ১৯ আৰু ২০ তাৰিখে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বৰক্ষেত্ৰীৰ ৱাৰ্ডেন মিছ নীলিমা বেগমৰ সম্পৰ্কে বাতৰি এটা বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। উক্ত বাতৰিটাে প্ৰকৃততে সম্পূৰ্ণ সত্য নহয়, ই এক পৰিকল্পিত ষড়যন্ত্ৰৰ প্ৰতিফলনহে। প্ৰকৃততে বিদ্যালয়ৰ দুগৰাকীমান শিক্ষয়িত্ৰীৰ প্ৰৰোচনাত পৰি বিদ্যালয়ৰ ছাত্ৰী চুনু মইনা বেগমৰ অভিভাৱকে মােৰ বিৰুদ্ধে কেচ দিছিল। কিন্তু পিছত তেওঁলােকে উক্ত ষড়যন্ত্ৰৰ কথা জানিব পাৰি নিজৰ ভুল স্বীকাৰ কৰে আৰু কেচটাে উঠাই লয়। লগতে লিখিতভাৱে নিজৰ ভুল স্বীকাৰ কৰে আৰু ভৱিষ্যতে এনে ভুল নকৰাে বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে। উক্ত ঘটনাটাে ইমানতে অন্ত পৰে যদিও ষড়যন্ত্ৰকাৰীসকলে মােৰ বিৰুদ্ধে এতিয়াও নানা ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে। যাৰ ফলত মােৰ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ভয়ংকৰভাৱে বিনষ্ট হৈছে আৰু বিদ্যালয়খন ধ্বংসৰ মুখে ধাৱমান হৈছে।
নীলিমা বেগম
ৱাৰ্ডেন
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়