07/12/2019 - 19:17
in
কামৰূপঃ হাজোত ক্ৰমাৎ ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। কিছু সময়ৰ পূৰ্বে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ছিঙিলে কঁচুৱাৰবৰীৰ মথাউৰি। মথাউৰি ছিঙি যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত।
মথাউৰি ছিঙাৰ ফলত জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। সমগ্ৰ হাজো নগৰ বানত প্লাবিত হোৱাৰ সম্ভাৱনা আছে।