স্মাৰ্টফোন নোপোৱাৰ বাবেই সন্তানৰ সন্মুখতে চিপ লৈ আত্মহত্যা এগৰাকী মহিলাৰ

 07/12/2019 - 21:52

ডিজিটেল ডেস্কঃ মানুহ দিনক দিনে কিমান বস্তুকেন্দ্ৰিক হৈ পৰিছে তাৰে চূড়ান্ত প্ৰতিফলন ঘটিল মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত। স্বামীয়ে দামী স্মাৰ্টফোন নিদিয়া বাবেই ডেৰ বছৰীয়া সন্তানৰ সন্মুখতে চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী মহিলাই। অশোক বিহাৰ কলনীৰ বাসিন্দা ২২ বছৰীয়া পূজা নামৰ মহিলাগৰাকীয়ে বুধবাৰে নিশা বাচি লয় এই আত্মহননৰ পথ।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে কিছুদিন পূৰ্বে পূজাৰ ম’বাইল ফোনটো বেয়া হৈছিল। সেয়েহে পূজাই স্বামীক এটা দামী স্মাৰ্টফোন দিবলৈ কৈছিল। ১৫ হাজাৰ দামৰ এটা ম’বাইল পছন্দ কৰিছিল পূজাই, কিন্তু ঘৰে ঘৰে ষ্টীল ৰেলিং লগোৱা কাম কৰা বিশালে পূজাক দিছিল এটা ৭ হাজাৰ টকীয়া ফোন। ১৫ হাজাৰ দামৰ এটা মোবাইল ফোন ক্ৰয় কৰাত বিশাল আছিল আৰ্থিক ভাৱে অক্ষম। তাকে লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰ। আৰু অৱশেষত পূজাই বাচি ল’লে এই চূড়ান্ত সিদ্ধান্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।