জনীয়াঃ চৌপাশে বানে জনজীৱন ব্যাহত কৰাৰ সময়ত বানাক্ৰান্ত লোকৰ কাষত থিয় হয় নেচনেল পিপলচ পাৰ্টি চমুকৈ এনপিপি। জানিব পৰা মতে শুকুৰবাৰে ৰাজ্যিক পৰ্যায়ৰ নেতা চান মামুদৰ নিৰ্দ্দেশ মৰ্মে শুকুৰ আলী, জেহেৰুল ইছলাম, ছৈজুদ্দিন, দিলদৰ ৰেজ্জাক, ফয়েজুদ্দিন, জমিৰ আলীকে ধৰি এটি সজাতি দল জনীয়াৰ ছনপুৰা চৌধুৰী বজাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
লগতে দলটিয়ে গড়কাপ্টানি পথত শিবিৰ পাতি থকা বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । প্ৰাপ্ত তথ্য মতে প্ৰায় ২০০ গৰাকী হিতাধিকাৰীক খাদ্য সামগ্ৰী বিতৰন সমাপ্ত কৰি বানত প্লাৱিত হোৱা গোবিন্দপুৰ এলেকালৈ ভুটভুটিৰে সাহাৰ্য বিতৰণ কৰাৰ বাবে ৰাওনা হয়। উল্লেখ্য যে জনপ্ৰতিনিধি নতুবা জিলা প্ৰশাসন নিৰ্লিপ্ত ভূমিকা লোৱাৰ সময়তে এনপিপিয়ে বানাক্ৰান্তৰ আৰ্তনাদ শুনি কাষ চপাত ৰাইজে এনপিপিৰ ৰাজ্যিক নেতা নেতা চান মামুদ আৰু দলটিক প্ৰশংসা কৰিছে।