ছিপাঝাৰত মৰেল পুলিচৰ ঘটনা

 07/13/2019 - 13:12

মঙলদৈঃ ৰাজ্যত পুনৰ মৰেল পুলিচৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ ভেটিবজাৰত। আজমল হক নামৰ এগৰাকী লোকৰ ওপৰত চলিল মৰেল পুলিচগিৰিৰ ঘটনা। ঘটনা অনুসৰি আজমল হক নামৰ ব্যক্তিগৰাকীৰ পুত্ৰই এগৰাকী ছোৱালীক পলুৱাই নিছিল। গাঁওবাসীয়ে পলুৱাই নিয়া ছোৱালী আৰু পুত্ৰক উদ্ধাৰ কৰি ৰাইজৰ হাতত গতাই দিয়াৰ দাবী জনাই আজমল হকক।

উদ্ধাৰ কৰি দিব নোৱাৰাৰ বাবেই অকথ্য নিৰ্যাতন চলায় আজমল হকৰ ওপৰত। তথাকথিত কেইজনমান দেৱানীৰ নিৰ্দেশতেই চলিল এই অকথ্য নিৰ্যাতন। আনকি এনে জঘন্য নিৰ্যাতন চলোৱাৰ উপৰি লোকজনৰ ওপৰত ৫০ হাজাৰ টকা জৰিমনা বিহে। ঘটনাটোৰ লগত নাম সাঙোৰ খাইছে শ্বহীদ দেৱানী, মোনাৰুদ্দিন দেৱানী আৰু কেইবাগৰাকী লোকৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।