বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানঃ জীৱ-জন্তৰ ওখ ঠাইত আশ্ৰয় গ্ৰহণ

 07/13/2019 - 13:33

দলগাঁওঃ বছৰটোৰ প্ৰথমটো বানতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭০ শতাংশ বনাঞ্চল আৰু বন শিবিৰ পানীত তলত। ফলত জীৱ-জন্তুবোৰ ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে যদিও বনকৰ্মীসকলক বন শিবিৰতে খাদ্যৰ যোগান দি আছে জিলা বন বিভাগে। উদ্যানখনত বনকৰ্মীসকলে পানীৰ মাজতে খোজকাঢ়ি, নৌকা, হাতীৰ সহায়ত বনাঞ্চলত টহল অব্যাহত ৰখিছে।

উত্তৰে ধনশিৰি নৈ আৰু দক্ষিণে বৰ লুইতৰ বাঢ়নী পানীয়ে উদ্যানখনৰ প্ৰায় ত্ৰিশটা বন শিবিৰ পানীত বুৰ গৈছে। বন বিভাগে সদৰি কৰা মতে এই বানত কোনো জীৱ-জন্তু মৃত্যু মুখত পৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।