কাকপথাৰঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাং সমষ্টিত খৰস্ৰোতা ন-দিহিং নদীৰ খহনীয়া ৰোধৰ নামত চলা বৃহৎ দুৰ্নীতিৰ অভিযোগ উঠিছে৷ ২০১৬-২০১৭ বৰ্ষত নদীখনত চলি থকা প্ৰবল গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চিত প্লেন প্ৰজেক্টৰ বাবে বিয়াল্লিশ কোটি টকা মোকলাই দিছিল৷ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাও না মেইনৰ পুত্ৰ আদিত্য কুমাৰ মেইনৰ "এ কে এণ্টাৰপ্ৰাইজ" ফাৰ্মৰ নামত কাম কৰা প্ৰতিষ্ঠানটোৱে মাত্ৰ দুই কিঃমিঃ গৰাখহনীয়া ৰোধৰ বাবে "চিত প্লেন" নামেৰে কাম কৰিছিল যদিও কাম সম্পূৰ্ণ নহওতেই এটা অংশ ভাগি যায়৷
লেকাং সমষ্টিৰ কাষেৰে যোৱা খৰস্ৰোতা ন-দিহিঙৰ গৰাখহনীয়া ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা চিত প্লেন ভাগি বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ ফলত অসমকে ধৰি অঞ্চলটোৰ প্ৰায় চল্লিশখন গাঁঁৱলৈ ভাবুকি আহি পৰিছে৷ নদীখনৰ কাষতে থকা দেউৰী গাঁঁও, মহাদেৱপুৰ, চিতপানী, ডিৰাক গেট, নৱজ্যোতি, সোনজানকে ধৰি তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বহু সংখ্যক গাঁও উক্ত নদীখনৰ গৰাখহনীয়া ৰোধৰ বাবে দিয়া চিত প্লেন ভাঙি যোৱাৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে৷
মাত্ৰ দুই কিঃমিঃ দীৰ্ঘৰ গৰাখহনীয়া ৰোধৰ বাবে ৪২ কোটিকৈ টকা অপব্যৱহাৰ হোৱাৰ ঘটনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নামচাই জিলা তথা লেকাং সমষ্টিত৷ স্থানীয় ৰাইজৰ অভিযোগ যে এই চিত প্লেন প্ৰজেক্টটোৰ সিংহভাগ ধনেই মন্ত্ৰী, আমোলা, বিভাগীয় ইঞ্জিনীয়াৰে মিলি পকেটত ভৰোৱাৰ ফলত নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওতেই ভাগি পানীয়ে উটুৱাই নিয়ে৷ অতি নিম্নমানৰ ৰড, চিমেণ্টেৰে নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওতেই ভাগি পৰাৰ লগতে অঞ্চলবাসীয়ে চুলিৰ আগত জীৱ বান্ধি জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷
৪২ কোটি টকীয়া বিয়াগোম প্ৰজেক্টটোৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰাৰ লগতে প্ৰজেক্টটোৰ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত সকলৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীৰ উচিত শাস্তিৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷ উল্লেখ্য যে প্ৰজেক্টটো নিৰ্মাণত জড়িত বিভাগীয় ইঞ্জিনীয়াৰৰ পৰা বিষয়টো জানিব বিচৰাত ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, সম্পূৰ্ণ উচ্চ মানেৰে প্ৰজেক্টৰ কাম কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে৷
কোটি টকীয়া প্ৰজেক্টটো ভাঙি যোৱা অংশত বৰ্তমান বাঁহ, বালিৰে নিৰ্মাণ কৰি থকা কাৰ্য পৰ্যবেক্ষন কৰিলেই কেনে ধৰণৰ প্ৰজেক্টৰ কাম চলিছে সেইয়া পোহৰলৈ আহিব৷ পৰবৰ্তী পৰ্যায়ত অৰুনাচলৰ উপ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ নামত চলা এই বৃহৎ পৰিমাণৰ টকাৰ কেলেংকাৰীৰ অনুসন্ধান চলিব নে সেইয়া সময়তহে লক্ষ্যণীয় হ’ব৷